"এজন মানুহে ইচ্ছা কৰিলেই এজন ডাঙৰ সাহিত্যিক, বৈজ্ঞানিক বা শিল্পপতি হ'ব নোৱাৰিব পাৰে; কাৰণ সেইটো নিৰ্ভৰ কৰে মানুহজনৰ সহজাত প্ৰতিভা, শ্রম-শক্তি আৰু সুযোগৰ ওপৰত। জীৱনৰ বহুতো কৰ্ম-ক্ষেত্ৰত কৃতকাৰ্য হ'বলৈ দীঘলীয়া অনুশীলন আৰু অভিজ্ঞতাৰ প্ৰয়োজন হয়। কিন্তু প্ৰতেক মানুহে জীৱনত এখন কৰ্মক্ষেত্ৰ থাকে— যিমান কৰ্মক্ষেত্ৰত কৃতকাৰ্য হ'বলৈ একমাত্ৰ ইচ্ছা বা সংকল্পৰ বাহিৰে মানুহক আন একো গুণ বা সহায়ৰ প্ৰয়োজন নহয়। সেই কৰ্ম-ক্ষেত্ৰ হ'ল বহল অৰ্থত নৈতিক উন্নতি-সাধনৰ কৰ্ম-ক্ষেত্ৰ।"
“If someone chooses what they love to do, there is no stress in their life. As they say, ‘If you do what you love, you will never have to work a day in your life.”
"প্ৰতিজন সমানেই মেধাযুক্ত শিশু বা কিশোৰে ব্যক্তি হিচাপে একে সমান সাফল্য অৰ্জন কৰিব নোৱাৰে। নিজৰ প্ৰয়াস আৰু অভিপ্ৰেৰনাত অবিৰাম অটলতা, নিজৰ সক্ষমতাত অগাধ বিশ্বাস আৰু চাৰিত্ৰিক শক্তিৰে নিৰ্ধাৰণ কৰে , ব্যক্তি হিচাপে মানুহৰ শ্ৰেষ্ঠত্ব অৰ্জনৰ মাপকাঠী।"
There is nothing more important than knowing who you are, the path that you are on, and its end.
"কেন্দ্ৰীভূত সাধনাৰে মহীয়ান হ’বলৈ নিজৰ স’তে প্ৰতিশ্ৰুতিবদ্ধ লোকৰ মানসপটত অহৰহ ভাহি থাকে কেৱল এখন কৰ্মৰ ছবি, সাধনাৰ পথ আৰু সফলতাৰ চিত্ৰপট।"
"মানসপটত সফলতাৰ গতিশীল ছবি অঁকা মানুহ কেতিয়াও বিফল নহয়। জাতি-জনজাতি, ভাষা, ধৰ্মৰ পৰিচয় সংকট, দাৰিদ্ৰ্য, দুৰ্যোগ, শৈক্ষিক অৰ্হতাৰ ভেটি একোৱেই সফলতা প্ৰাপ্তিৰ বাটত বাধাৰ সৃষ্টি কৰিব নোৱাৰে।"
"জ্ঞানী আৰু বীৰৰ জাতি নাথাকে। তেওঁলোকৰ পৰিচয় জ্ঞান আৰু বীৰত্বত।"
If you have the right attitude, achievements will be a byproduct.
"অভিপ্রায় যদি সৎ হয়, উদ্দেশ্যত যদি ফাঁকি নাথাকে, স্বকীয় চিন্তনেৰে আত্মোৎকর্ষৰ সাধনাৰ দ্বাৰা নিজৰ আৰু সমাজৰ বাবে কিবা কৰাৰ মানসিকতা থকা মানুহে সফলতাৰ অন্য এক পথ আৱিষ্কাৰ কৰিবই।"